HTML

Introduction

    

      HTML হৈছে ইণ্টাৰনেটৰ web page প্ৰস্তুত কৰিবৰ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ computer languageHTML ৰ সম্পূৰ্ণ অৰ্থ হৈছে  Hyper Text Markup Language. এইবিধ language পোন প্ৰথমবাৰৰ বাবে Tim Berners-Lee নামৰ ইউৰোপীয় পদাৰ্থ বিজ্ঞানী এজনে  ব্যৱহাৰ কৰিছিল।

 

HTML ৰ উপাংশসমূহ

                      

      HTML coding আৰম্ভ কৰিবৰ বাবে ,আমি প্ৰথমে কম্পিউটাৰত Notepad window টো খুলি লব লাগিব। তাৰ পাছত প্ৰয়োজনীয় tag সমূহ ব্যৱহাৰ কৰি coding আৰম্ভ কৰিব পাৰিম। coding সমূহ সম্পূৰ্ণ হোৱাৰ পাছত .htm বা .html লিখি save কৰি দিলেই আমাৰ coding ৰ কাম সম্পূৰ্ণ হব। ওপৰত উল্লেখ কৰা tag হৈছে HTML যি সমূহ উপাংশৰ সহায়ত আমি coding কৰো ।তলত HTML ৰ কিছুমান tag আৰু তাৰ কাৰ্য উল্লেখ কৰা হ'ল :

 

<html>      

     এই tag ৰ সহায়ত আমি প্ৰস্তুত কৰা file টো html file হয় যে তাক বুজোৱা হয়।

 

<head>

      এই tag ৰ সহায়ত header অংশক নিৰ্দেশ কৰা হয়। সাধাৰণতে <head> tag ৰ ভিতৰত <title> tag ব্যৱহৃত হৈ থাকে।

 

<title>

     এই tag ৰ সহায়ত HTML page টোৰ title অৰ্থাৎ নামটো নিৰ্দেশ কৰা হয়।

 

<body>

      এই tag ৰ সহায়ত file টোৰ সকলোধৰণৰ লেখনি (text) আৰু চিত্ৰ (graphics)  ৰ নক্সা তৈয়াৰ কৰা হয়।

 

উদাহৰণ:

 <html>

      <head>

      <title>This is my first web page</title>

     </head>

     <body> Welcome to Smart value

      </body>

</html>

 

 

https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhnAhcRcXQ5jkCaUEaou2cXlmaVniMRC0jsu6ZE-ySaHWlMG-E92Hall0ExfRJF7t4ZWbl2qHhLHxT3nQdDlLj-Lrt7BHIhKNekvUz6h3l6PjWzVFeAMdbjxmIdPmctIwYAdcGfcumceCxy/w500-h188/IMG_20200730_234608.JPG

 

 

এইধৰণে coding ব্যৱহাৰ কৰা tag সমূহক </__> এনে ধৰণে close কৰা হয়


0 Comments:

Post a Comment