BUILD A WEBSITE

We design smart websites for your school, college and for your business.

This is default featured slide 2 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

This is default featured slide 3 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

gyansakhyu

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

This is default featured slide 5 title

Go to Blogger edit html and find these sentences.Now replace these sentences with your own descriptions.This theme is Bloggerized by Lasantha Bandara - Premiumbloggertemplates.com.

বীজগণিতীয় কিছুমান প্ৰয়োজনীয় সংজ্ঞা (some important definitions of algebra)

চলক (Variable):
     যিবোৰ প্ৰতীকৰ বা পদৰ মান স্থিৰ নহয় অৰ্থাৎ পৰিৱৰ্তনশীল তেনে পদসমূহক চলক বোলা হয়।

    যেনে : x, y, z, a, b, c ইত্যাদি।

ধ্ৰুৱক (constant):
        যিবোৰ পদৰ মান কেতিয়াও সলনি নহয়, অৰ্থাৎ সদায় স্থিৰ, তেনে পদবোৰক ধ্ৰুৱক পদ বোলা হয়।

স্বেচ্ছ ধ্ৰুৱক (Arbitrary Constant):
           বীজগণিতত কিছুমান প্ৰতিকক নিৰ্দিষ্ট কোনো এটা সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয়। এইসমূহ পদৰ মান স্থিৰ বুলি ধৰা হয়। তেনে পদবোৰক স্বেচ্ছ ধ্ৰুৱক (arbitrary constant) বোলা হয়।

বীজগণিতীয় পদ (Algebraic  term):
         বীজগণিতীয় ৰাশি এটা যোগ বা বিয়োগ প্ৰক্ৰিয়াৰে পৃথক হৈ থকা প্ৰতিটো অংশকে একোটা পদ বোলা হয়।

     যেনে: 3x + 2y = 0 সমীকৰণটোত 3x, 2y এইদুয়োটা একো একোটা পদ।

একপদ ৰাশি (Monomial):
      মাত্ৰ এটা পদেৰে গঠিত বীজগণিতীয় ৰাশিসমূক একপদ ৰাশি বোলা হয়।

   যেনেঃ 3x, 3, -3 ইত্যাদি।


দ্বিপদ ৰাশি (Binomial):
          দুটা পদেৰে গঠিত বীজগণিতীয় ৰাশিসমূক দ্বীপদ ৰাশি বোলা হয়।

   যেনেঃ 3x + 2, 2y+3x ইত্যাদি।

ত্রিপদ ৰাশি (Trinomial):
       তিনিটা পদেৰে গঠিত বীজগণিতীয় ৰাশিসমূহক ত্রিপদ ৰাশি বোলা হয়।

   যেনেঃ 3a + 2b + 5, 2x + 5y + 6z ইত্যাদি।


বহুপদ ৰাশি (Polynomial):
       যিবোৰ বীজগণিতীয় ৰাশিৰ প্ৰতিটো পদৰ শ্লোকৰ ঘাত অঋণাত্মক অখণ্ড সংখ্যা হয়, সেইসমূহ বীজগণিতীয় ৰাশিক বহুপদ বোলা হয়।

   যেনেঃ 2x বা 2x + 6 ৰাশি দুটা বহুপদ হয়, কিন্তু 2x^-1 ৰাশিটো বহুপদ নহয়।

দূৰত্ব আৰু সৰণৰ পাৰ্থক্য ( difference between displacement and distance )

পাৰ্থক্য লিখাঃ দূৰত্ব আৰু সৰণ

দূৰত্ব

সৰণ

১) কোনো বস্তুৱে প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থান পাওঁতে অতিক্ৰম কৰা মুঠ পথৰ দৈঘ্যক দূৰত্ব বোলে।

১)কোনো বস্তুৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সৰল ৰৈখিক দূৰত্বক সৰণ বোলে ।

২) দূৰত্ব স্কেলাৰ ৰাশি।

২) সৰণ ভেক্টৰ ৰাশি।

৩) দূৰত্ব সদায় ধনাত্মক।

৩) সৰণ ধনাত্মক, ঋনাত্মক বা শূণ্য হ’ব পাৰে।

৪) দুটা বিন্দুৰ মাজৰ দূৰত্বৰ মান অসীম।

৪) দুটা বিন্দুৰ মাজৰ সৰণৰ মান নিদিষ্ট।

৫) দূৰত্ব সৰণৰ সমান বা সৰণতকৈ ডাঙৰ।

৫)সৰণ দূৰত্বতকৈ ডাঙৰ হ’ব নোৱাৰে।

 

 

এতিয়া মোবাইলতেই ব্যৱহাৰ কৰক MS-WORD

   বৰ্তমানৰ সময়ত সকলো ঠাইলৈকে লেপটপ বা কম্পিউটাৰ লগত লৈ ফুৰা অতি কষ্টকৰ আৰু আমনিদায়ক হয়। এতিয়া আৰু তেনে কষ্টৰ অৱসান ঘটিল। মোবাইলতে ব্যৱহাৰ কৰিব পাৰিব MS-WORD. কেনেকৈ ব্যৱহাৰ কৰিব MS-WORD মোবাইলত, শিকিবৰ বাবে link টো ক্লিক কৰক, সাধাৰণ 7টা খাপতেই শিকক মোবাইলত MS-WORD ব্যৱহাৰ কৰিবলৈ....
MS-WORD ক মোবাইলত ব্যৱহাৰ কৰক