চলক (Variable):
যিবোৰ প্ৰতীকৰ বা পদৰ মান স্থিৰ নহয় অৰ্থাৎ পৰিৱৰ্তনশীল তেনে পদসমূহক চলক বোলা হয়।
যেনে : x, y, z, a, b, c ইত্যাদি।
ধ্ৰুৱক (constant):
যিবোৰ পদৰ মান কেতিয়াও সলনি নহয়, অৰ্থাৎ সদায় স্থিৰ, তেনে পদবোৰক ধ্ৰুৱক পদ বোলা হয়।
স্বেচ্ছ ধ্ৰুৱক (Arbitrary Constant):
বীজগণিতত কিছুমান প্ৰতিকক নিৰ্দিষ্ট কোনো এটা সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয়। এইসমূহ পদৰ মান স্থিৰ বুলি ধৰা হয়। তেনে পদবোৰক স্বেচ্ছ ধ্ৰুৱক (arbitrary constant) বোলা হয়।
বীজগণিতীয় পদ (Algebraic term):
বীজগণিতীয় ৰাশি এটা যোগ বা বিয়োগ প্ৰক্ৰিয়াৰে পৃথক হৈ থকা প্ৰতিটো অংশকে একোটা পদ বোলা হয়।
যেনে: 3x + 2y = 0 সমীকৰণটোত 3x, 2y এইদুয়োটা একো একোটা পদ।
একপদ ৰাশি (Monomial):
মাত্ৰ এটা পদেৰে গঠিত বীজগণিতীয় ৰাশিসমূক একপদ ৰাশি বোলা হয়।
যেনেঃ 3x, 3, -3 ইত্যাদি।
দ্বিপদ ৰাশি (Binomial):
দুটা পদেৰে গঠিত বীজগণিতীয় ৰাশিসমূক দ্বীপদ ৰাশি বোলা হয়।
যেনেঃ 3x + 2, 2y+3x ইত্যাদি।
ত্রিপদ ৰাশি (Trinomial):
তিনিটা পদেৰে গঠিত বীজগণিতীয় ৰাশিসমূহক ত্রিপদ ৰাশি বোলা হয়।
যেনেঃ 3a + 2b + 5, 2x + 5y + 6z ইত্যাদি।
বহুপদ ৰাশি (Polynomial):
যিবোৰ বীজগণিতীয় ৰাশিৰ প্ৰতিটো পদৰ শ্লোকৰ ঘাত অঋণাত্মক অখণ্ড সংখ্যা হয়, সেইসমূহ বীজগণিতীয় ৰাশিক বহুপদ বোলা হয়।
যেনেঃ 2x বা 2x + 6 ৰাশি দুটা বহুপদ হয়, কিন্তু 2x^-1 ৰাশিটো বহুপদ নহয়।
0 Comments:
Post a Comment