পদাৰ্থ বিজ্ঞান (PHYSICS)
বিজ্ঞানৰ যি শাখাত প্ৰকৃতি, প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিঘটনা সমূহৰ বিষয়ে অধ্যয়ন কৰা হয় সেই শাখাটোকেই পদাৰ্থ বিজ্ঞান বুলি কোৱা হয় । বিজ্ঞানৰ এই শাখাই অতি বৃহৎ গ্ৰহ নক্ষত্ৰ, তাৰকাৰাজ্যৰ সৃষ্টিতত্বৰ পৰা এটি ক্ষুদ্ৰ অনু পৰমাণু সুস্থিৰতলৈকে আলোচনা কৰে। পোহৰ, বিদ্যুৎ, চুম্বক, বল, গতি ইত্যাদি বিভিন্ন ধৰণৰ ভৌতিক পৰিঘটনা সমূহৰ বিষয়ে ইয়াত অধ্যয়ন কৰা হয়।
PHYSICS শব্দৰ উৎপত্তি গ্ৰীক শব্দ fusis ৰ পৰা হৈছে আৰু ইয়াৰ অৰ্থ হৈছে Nature বা প্ৰকৃতি ।
পদাৰ্থ বিজ্ঞানক সাধাৰণতে দুটা ভাগত ভাগ কৰা হৈছে -
১) ধ্ৰুপদী পদাৰ্থ বিদ্যা ( Classical Physics)
২) আধুনিক পদাৰ্থ বিদ্যা (Modern Physics)
পদাৰ্থ বিদ্যা : ১৯ শতিকাৰ আগত বিকাশ হোৱা পদাৰ্থ বিজ্ঞানত ধ্ৰুপদী পদাৰ্থ বিজ্ঞান বুলি জনা যায় । ধ্ৰুপদী পদাৰ্থ বিদ্যাক নিউটনিয়ান ফিজিক্স বা নিউটনিয়ান মেকানিক্স বুলিও জনা যায় । কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ গ্ৰহ নক্ষত্ৰ গতি সম্পৰ্কীয় নীতি, গতিৰ সূত্ৰ আৰু বিভিন্ন ক্ষেত্ৰত অধ্যয়ন কৰি পদাৰ্থ বিজ্ঞানৰ ভেটিটো মজবুতকৈ গঢ়ি থৈ যোৱা মহান বৈজ্ঞানিক জনেই আছিল চাৰ আইজাক নিউটন ।
আধুনিক পদাৰ্থ বিদ্যা : ১৯০০ চনত মেক্স প্লাংক(Max Plank) য়ে পুৰণি পদাৰ্থ বিজ্ঞানৰ ধাৰণাৰে ব্যাখ্যা কৰিব নোৱাৰা ব্লেকবডী ৰেডিয়েচন (কৃষ্ণ বিকিৰণ) শক্ত
ধ্ৰুপদী পদাৰ্থ বিজ্ঞানৰ ভাগ :
যান্ত্ৰিক বিজ্ঞান বা বলবিজ্ঞান (Mechanics)
পোহৰ বিজ্ঞান (Optics)
তৰংগ বিজ্ঞান(wave mechanics)
তাপগতি বিজ্ঞান (Thermodynamics)
বিদ্যুত চুম্বকত্ব (Electromagnetism) ইত্যাদি ।
আধুনিক পদাৰ্থ বিজ্ঞানৰ ভাগ :
পৰমাণু পদাৰ্থ বিদ্যা (Atomic Physics)
নিউক্লিয় পদাৰ্থ বিদ্যা ( Nuclear Physics)
কোৱাণ্টাম বল বিদ্যা ( Quantum Physics)
আপেক্ষিকতাবাদৰ সূত্ৰ (Theory of relativity) ইত্যাদি ।
ভৌতিক ৰাশি : যি বোৰ ৰাশিৰ জোখ মাপ কৰিব পাৰি আৰু যি বোৰৰ সহায়ত পদাৰ্থ বিজ্ঞানৰ সূত্ৰ সমূহৰ বিশ্লেষণ কৰিব পাৰি তেনে ৰাশিক ভৌতিক ৰাশি বা Physical Quantity বুলি কোৱা হয় ।
উদাহৰণ : সময়, দৈঘ্য, ভৰ, বেগ, বল ইত্যাদি ।
ভৌতিক ৰাশি তিনি প্ৰকাৰৰ -
১) মৌলিক ৰাশি : যি বোৰ ৰাশি আন ৰাশিৰ সহায়ত প্ৰকাশ কৰিব নোৱাৰি তেনে বোৰ ৰাশিক মৌলিক ৰাশি বা Fundamental Unit বোলে ।
মৌলিক ৰাশি ৭ টা ।
২) যৌগিক ৰাশি : যি বোৰ ৰাশি মৌলিক ৰাশি বোৰৰ সহায়ত প্ৰকাশ কৰিব পাৰি তেনে ৰাশিক যৌগিক ৰাশি বা Derived Unit বোলে ।
যেনে : যেনে বেগ, বল, শক্তি ইত্যাদি ।
বেগক দৈঘ্য আৰু সময়ৰ সহায়ত আৰু বলক ভৰ, দৈঘ্য আৰু সময়ৰ সহায়ত প্ৰকাশ কৰিব পাৰি ।
৩) পৰিপূৰক ভৌতিক ৰাশি (Supplementary Physical Quantity)
মৌলিক আৰু যৌগিক ৰাশি সমূহৰ উপৰিও আৰু দুটা ৰাশি আছে যাক পৰিপূৰক ৰাশি বুলি কোৱা হয় আৰু ইয়াত এককক পৰিপূৰক একক (supplementary unit) বুলি কোৱা হয় ।
সেইদুটা হ'ল -
Plane angle আৰু Solid angle... Radian steradian rad sr
Symbol theta omega
একক : এক নিদিষ্ট মানৰ সৈতে তুলনা কৰি ভৌতিক ৰাশিবোৰৰ জোখ মাপ কৰা হয় । সেই নিৰ্দিষ্ট মানক একক বুলি কোৱা হয় ।
উদাহৰণ : মিটাৰ, চেন্টি মিটাৰ, কিল'গ্ৰাম, চেকেণ্ড ইত্যাদি।.........