বীজগণিতীয় কিছুমান প্ৰয়োজনীয় সংজ্ঞা (some important definitions of algebra)
দূৰত্ব আৰু সৰণৰ পাৰ্থক্য ( difference between displacement and distance )
পাৰ্থক্য লিখাঃ দূৰত্ব আৰু সৰণ
দূৰত্ব |
সৰণ |
১) কোনো বস্তুৱে প্ৰাৰম্ভিক অৱস্থানৰ পৰা অন্তিম অৱস্থান পাওঁতে অতিক্ৰম কৰা মুঠ পথৰ দৈঘ্যক দূৰত্ব বোলে। |
১)কোনো বস্তুৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ সৰল ৰৈখিক দূৰত্বক সৰণ বোলে । |
২) দূৰত্ব স্কেলাৰ ৰাশি। |
২) সৰণ ভেক্টৰ ৰাশি। |
৩) দূৰত্ব সদায় ধনাত্মক। |
৩) সৰণ ধনাত্মক, ঋনাত্মক বা শূণ্য হ’ব পাৰে। |
৪) দুটা বিন্দুৰ মাজৰ দূৰত্বৰ মান অসীম। |
৪) দুটা বিন্দুৰ মাজৰ সৰণৰ মান নিদিষ্ট। |
৫) দূৰত্ব সৰণৰ সমান বা সৰণতকৈ ডাঙৰ। |
৫)সৰণ দূৰত্বতকৈ ডাঙৰ হ’ব নোৱাৰে। |
এতিয়া মোবাইলতেই ব্যৱহাৰ কৰক MS-WORD
HTML
Introduction
HTML হৈছে ইণ্টাৰনেটৰ web page প্ৰস্তুত কৰিবৰ ব্যৱহাৰ কৰা এক প্ৰকাৰৰ computer language। HTML ৰ সম্পূৰ্ণ অৰ্থ হৈছে Hyper Text Markup Language. এইবিধ language পোন প্ৰথমবাৰৰ বাবে Tim Berners-Lee নামৰ ইউৰোপীয় পদাৰ্থ বিজ্ঞানী এজনে ব্যৱহাৰ কৰিছিল।
HTML ৰ উপাংশসমূহ
HTML ত coding আৰম্ভ কৰিবৰ বাবে ,আমি প্ৰথমে কম্পিউটাৰত Notepad window টো খুলি লব লাগিব। তাৰ
পাছত প্ৰয়োজনীয় tag সমূহ ব্যৱহাৰ কৰি coding আৰম্ভ কৰিব পাৰিম। coding সমূহ সম্পূৰ্ণ হোৱাৰ পাছত .htm বা .html লিখি save কৰি দিলেই আমাৰ coding ৰ কাম সম্পূৰ্ণ হব। ওপৰত উল্লেখ কৰা tag হৈছে HTML যি সমূহ উপাংশৰ সহায়ত
আমি coding কৰো ।তলত HTML ৰ কিছুমান tag আৰু তাৰ কাৰ্য উল্লেখ কৰা হ'ল :
<html>
এই tag ৰ সহায়ত আমি প্ৰস্তুত কৰা file টো html file হয় যে তাক বুজোৱা হয়।
<head>
এই tag ৰ সহায়ত header অংশক নিৰ্দেশ কৰা হয়। সাধাৰণতে <head> tag ৰ ভিতৰত <title> tag ব্যৱহৃত হৈ থাকে।
<title>
এই tag ৰ সহায়ত HTML page টোৰ title অৰ্থাৎ নামটো নিৰ্দেশ
কৰা হয়।
<body>
এই tag ৰ সহায়ত file টোৰ সকলোধৰণৰ লেখনি (text) আৰু চিত্ৰ (graphics) ৰ নক্সা তৈয়াৰ কৰা হয়।
উদাহৰণ:
<html>
<head>
<title>This
is my first web page</title>
</head>
<body> Welcome
to Smart value
</body>
</html>
এইধৰণে coding ত ব্যৱহাৰ কৰা tag সমূহক </__> এনে ধৰণে close কৰা হয়।
পদাৰ্থ বিজ্ঞানৰ চমু আভাষ